WEBINAR ON NEP-2020 ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰ্যালোচনা

হোজাই, 26 আগষ্ট: ৰাষ্ট্ৰীয় শিক্ষা নীতি, 2020ক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷ ইউৰোপৰ দেশসমূহৰ আৰ্হি অনুসৰণ কৰা এই শিক্ষা নীতিক লৈ দেশৰ শৈক্ষিক মহলত চৰ্চা অব্যাহত আছে৷ হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় 45 খন স্কুল পৰিচালনা কৰি আছে৷

আজি সংস্থাটোৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষা নীতি, 2020ৰ ওপৰত এখনি ৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজন কৰে৷ গুগল মীট যোগে আয়োজন কৰা ৱেবিনাৰত বক্তা হিচাপে অংশগ্ৰহণ কৰে জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লীৰ অধ্যাপক ড° অাৰচাদ ইকৰাম আহমেদ, মুম্বাইৰ পৰা প্ৰকাশিত ইংৰাজী বাৰ্তালোচনী ইষ্টাৰ্ণ ক্ৰিচেন্টৰ সম্পাদক মৌলানা বুৰহানুদ্দিন কাছিমী আৰু নীলবাগান মডেল হায়াৰ ছেকণ্ডাৰী স্কুল, হোজাইৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই৷ তিনিওগৰাকী বক্তাই প্ৰস্তাৱিত শিক্ষা নীতি পুৰ্বৰ শিক্ষা নীতিতকৈ কিহত ব্যতিক্ৰম আৰু নতুন শিক্ষা নীতিয়ে স্কুল-কলেজৰ প্ৰচলিত আন্ত:গাঁথনিত কি কি প্ৰভাৱ পেলাব সেই বিষয়ে বিতং আলোচনা কৰে৷ লগতে ৱেবিনাৰত সংযোগ স্থাপন কৰা বিভিন্নজনৰ প্ৰশ্নৰ উত্তৰ দিয়ে৷

মৰ্কজুল মা’আৰিফৰ সভাপতি শ্বামছুল হক চৌধুৰীয়ে আদৰণি ভাষণ পাঠ কৰা ৱেবিনাৰৰ আঁত ধৰে শিক্ষা বিভাগৰ বিভাগীয় মুৰব্বী ড° ৰাজি আহমদ কাছিমীয়ে৷ সঞ্চালকৰ ভূমিকা পালন কৰে মৰ্কজ মডেল গাৰ্লছ মাদ্ৰাছাৰ অধ্যক্ষা আছমা ৰশ্বিদে চাহিবাই৷