Humanitarian Aid by Markazul Ma’arif

এটা চৌকা, এটোপাল চকুপানী আৰু মৌলানা বদৰুদ্দিন আজমল৷ চাৰি বছৰে পেৰালাইছিচত শয্যাশায়ী বৰবহাৰ লুক হান্সেৰ বাবে আজিৰ দিনটো এক পাহৰিব নোৱাৰা দিন৷ কাৰ্বি সম্প্ৰদায়ৰ লুক হান্সেৰ পত্নীয়ে আজি ভিডিঅ কলযোগে কথা পাতিলে মৌলানা বদৰুদ্দিন আজমলৰ সৈতে৷ স্বামী চাৰি বছৰে শয্যাশায়ী৷ এসময়ত ভলীবল, চেচ আদি খেলা প্ৰাণৱন্ত মানুহজন এতিয়া অচল৷ আঠ বছৰীয়া এজনী ছোৱালীসহ সংসাৰত নাই উপাৰ্জন কৰোতা৷ চৰকাৰী চাউলো নাপায়৷ দৰৱ পাতিৰ ব্যৱস্থা নাই৷ 

স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ সভাপতি ড° চামছুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ মি: হান্সেৰ ঘৰত উপস্থিত হৈ এই কৰুণ দৃশ্য দেখা পাই লগে লগে মৌলানা বদৰুদ্দিন আজমলক অৱগত কৰে৷ আজমল চাহাবে ভিডিঅ কলযোগে পৰিয়ালৰ সৈতে কথা পাতে আৰু হোজাই হাম হস্পিটেলত বিনামূলীয়া চিকিৎসাৰ আশ্বাস প্ৰদান কৰে৷ আজমল চাহাবৰ এই বদান্যতাত কৃতজ্ঞতাৰ চকু পানী ওলায় পত্নীৰ৷ লগতে মৰ্কজুল মা আৰিফে পৰিয়ালটোৰ উপাৰ্জনৰ বাবে এটা চিলাই মেচিন, এমাহৰ খাদ্য সামগ্ৰী প্ৰদানৰ আশ্বাস দিয়াৰ লগতে শীতৰ পৰা বাচিবলৈ এখন কম্বল প্ৰদান কৰে৷ অসমৰ সবাতোকৈ পুৰণি জনগোষ্ঠী ৰূপে পৰিচিত কাৰ্বি পৰিয়ালটো জাতি, মাটি, ভেটিৰ চৰকাৰৰ দিনতো চৰমভাৱে উপেক্ষিত৷ পৰিয়ালটোক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিল আজমল চিএছআৰ সংস্থা মৰ্কজুল মা আৰিফ৷ মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জনোৱা মি: হান্সেৰ পত্নীৰ দুচকুত দেখা গল চকুপানী