Markazul Ma’arif Humanitarian Aid Programs

Hojai, 17 June: একেদিনাই মৰ্কজুল মা’আৰিফৰ দুটাকৈ মানবীয় সাহায্যৰ কাৰ্যসূচী | মৰ্কজুল মা আৰিফে ধাৰাবাহিকভাৱে চলাই গৈছে দৰিদ্ৰ আৰু আৰ্তজনলৈ সাহায্য৷ আজি সংস্থাটোৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ নেতৃত্বত মৰ্কজুল মা’আৰিফৰ এটা দলে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ৰেচন কাৰ্ড নথকা 120 গৰাকী হিতাধিকাৰীক চাউল, দালি, মিঠাতেল আদি বিতৰণ কৰে৷ এই হিতাধিকাৰীসকলে চৰকাৰৰ ওচৰত সাহায্য বিচাৰি আবেদন জনাইছিল৷ এই বিতৰণ কাৰ্যসূচীত ভাগ লোৱা হোজাইৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া এম কে ইলিয়াছ আহমেদে কয় : মৰ্কজুল মা’আৰিফ এটা স্বেচ্ছাসেৱী সংস্থা৷ তেওঁলোকে বহু পুৰ্বৰ পৰা এনেধৰণৰ কাম কৰি আছে৷ এই হিতাধিকাৰীসকলক কৰা সাহায্য এটা উদাহৰণ হৈ ৰ’ব৷ এগৰাকী মহিলা হিতাধিকাৰীয়ে সাংবাদিকৰ আগত প্ৰশংসাৰে উপচাই পেলায়৷

তাৰ পিছতেই যমুনামুখ সমষ্টিৰ পুব কৰৈগুৰি গাঁৱৰ এজন দৰিদ্ৰ বয়সস্থ ৰোগী মুছা মিঞাক ঘৰলৈ গৈ নগধ দহ হাজাৰ টকাৰ লগতে খাদ্য সামগ্ৰী আগবঢ়ায় মৰ্কজুল মা আৰিফৰ দলটিয়ে৷ দুয়োটা কাৰ্যসূচীত সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰৰ লগতে সংস্থাটোৰ দুগৰাকী শীৰ্ষ পদাধিকাৰী দেৱান আব্দুল আলিম চৌধুৰী আৰু এম জামাল উদ্দিন উপস্থিত আছিল৷