Training on Disaster Management

A special training program on firefighting and emergency response is being organized today at Markazul Ma’arif, A voluntary organization. In the program, the security guards of  Markazul Ma’arif, HAMMAH Hospital and Ajmal Foundation are trained to deal with any situation. Hojai fire station & EWmergency service personnel’s provides training in firefighting and emergency services with equipments. Hemokant Bora, Fire Officer Hojai Station participated in the training program and delivered valuable speeches and led the entire program.

হোজাই, 21 ছেপ্টেম্বৰ: স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফ চৌহদত আজি অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সময়ত ল’বলগা ব্যৱস্থাৱলীৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজিত হৈ যায়৷ উক্ত কাৰ্যসূচীত বেচৰকাৰী সংস্থা মৰ্কজুল মা আৰিফ, হাম হস্পিটেল আৰু আজমল ফাউণ্ডেচনৰ নিৰাপত্তাৰক্ষীসকলে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণ গ্ৰহণ কৰে৷ হোজাই অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ বিষয়াসকলে সকলো সা-সৰঞ্জাম লৈ প্ৰশিক্ষণ প্ৰদান কৰে৷ হোজাই ষ্টেচনৰ ফায়াৰ অফিচাৰ হেমকান্ত বৰাই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈ মূল্যবান বক্তব্য আগবঢ়ায় আৰু সমগ্ৰ কাৰ্যসূচীৰ নেতৃত্বত থাকে৷ মৰ্কজুল মা আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে আজমল ফাউণ্ডেচনৰ বিষয়ববীয়া কৰ্ণেল (অৱসৰপ্ৰাপ্ত) সমীৰ কাঞ্জিলালে৷