Widow Aid, Sewing Machine & Pulling Cart Distribution

হোজাইত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ প্ৰশংসনীয় পদক্ষেপ: বিধবা, দৰিদ্ৰ অসহায় পৰিয়ালক ৮০ টা চিলাই মেচিনসহ ৪ লাখ টকা, বিধবাক ১ লাখ ৬০ হাজাৰ টকা | হোজাই ১৪ নৱেম্বৰ: হোজাইত মৰ্কজুল মা’আৰিফৰ উদ্যোগত দৰিদ্ৰ মহিলা- যুৱতীৰ মাজত ৮০ টা চিলাই মেচিন সহ প্ৰতিজনক ৫ হাজাৰ টকাকৈ মুঠ চাৰি লাখ টকা আৰু আন 64 গৰাকী বিধৱা মহিলাক ১ লাখ ৬০ হাজাৰ টকাৰ চেক প্ৰদান কৰে আজমল চি এছ আৰৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ৷আজি বদৰুদ্দিন আজমলৰ উপস্থিতিত হোজাই মৰ্কজুল মা’আৰিফে দৰিদ্ৰ যুৱতী- অসহায় মহিলাক ৮০ টা চিলাই মেচিন দিয়াৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীক নগদ ৫ হাজাৰ টকাকৈ ৪ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰে আৰু দৰিদ্ৰ লোকক জীৱীকাৰ বাট হিচাপে ৩০ খন ঠেলা বিতৰণ কৰে ৷

কৰ্মহীন হৈ এই লোকসকলে ভয়ানক আৰ্থিক সংকটত ভুগিছে৷ এইসকলক সহায় কৰিবলৈ আজমল চি এচ আৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷যি সকলে ঠেলাগাড়ী আৰু চিলাই মেচিনেৰে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হব সেইসকলক আজমলে পুনৰ বিভিন্ন আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷আজমল চি এচ আৰৰ জৰিয়তে কৰ্মউদ্যোগী সকলক বিনা সুদত ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদ আজমলে৷