Emergency Flood Relief by Markazul Ma’arif

Hojai, 30 May: Serving humanity in need is the main motto of Markazul Ma’arif. Today, this motto has been implemented on the ground by the premier unit Markazul Ma’arif. At the badly flood affected Barafutia area under Hojai LAC, team Markazul Ma’arif reached to the affected people to help them despite being the area full of water upto the chest level.It is worth mentioning that, some parts of Hojai district are under massive flood. Hundreds of villages are under water. It seems like sea. People have been suffering from severe problems. They are in dire need of basic daily needs to live like food and other essential commodities. Taking the notice of the situation, the Hon’ble Patrons of Markazul Ma’arif Maulana Badruddin Ajmal Sahab & Mohammad Sirajuddin Ajmal Sahab instructed the management of Markazul Ma’arif to provide help to those affected people in all possible manner.

 

স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফে আজি হোজাই জিলাৰ বাৰফুটীয়াত দাঙি ধৰিলে মানবীয় সেৱাৰ বিৰল নিদৰ্শন৷ বানত বুৰ গৈ সৰ্বস্ব হেৰুওৱা অসহায় লোকলৈ এবুকু পানীৰ মাজেদি সাহায্য সামগ্ৰী লৈ উপস্থিত হয় মৰ্কজৰ স্বেচ্ছাসেৱকৰ দল৷ মুঠ পাঁচশ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ কৰে মৰ্কজুল মা’আৰিফে৷ উল্লেখ্য যে, হোজাই জিলাৰ বিভিন্ন অঞ্চল বছৰটোৰ প্ৰথমটো বানত প্লাবিত হৈ পৰিছে৷ শ শ গাঁও পানীয়ে বুৰাই পেলাইছে৷ ঘৰৰ ভিতৰত ডিঙিলৈকে পানী৷ মানুহে খাবলৈ খুদক্ষণ এটিও পোৱা নাই৷ পৰিস্থিতিৰ গভীৰতালৈ লক্ষ্য কৰি মৰ্কজুল মা’আৰিফৰ পৃষ্ঠপোষক মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ ছিৰাজুদ্দিন আজমল চাহাবে বানাক্ৰান্ত লোকলৈ সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ দিয়ে৷