হােজাই, ৩০ অক্টোবৰ। স্বেচ্ছাসেৱী সংস্থা মর্কজুল মা’আৰিফৰ হৈ দৰিদ্ৰ নিবনুৱালৈ জীৱিকা নির্বাহৰ অবলম্বন হিচাপে দুখন ই-ৰিক্সা আৰু সাতখন ৰিক্সা প্রদান কৰিলে বৰপেটাৰ প্রাক্তন সাংসদ ছিৰাজুদ্দিন আজমলে। মৰ্কজুল মা’আৰিফৰ কাৰ্য্যকাৰী সভাপতি চামচুল হক চৌধুৰী আৰু সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ উপস্থিতিত ৰিক্সা প্রদান কৰি ছিৰাজুদ্দিন আজমলে কয়- মর্কজুল মা আৰিফে দৰিদ্ৰ লােকলৈ জীৱিকাৰ অবলম্বন যেনে- ঠেলা, ৰিক্সা, চিলাই মেচিন আদি প্রদান কৰি আহিছে আৰু আগলৈয়ে এই কাম অব্যাহত ৰাখিব। ই ৰিক্সা আৰু ৰিক্সা লাভ কৰি হিতাধিকাৰী কেইজনে আজমল চিএ্ছআৰৰ সংস্থাৰ শলাগ লয়।
Distribution of E-Rickshaw & Pedal Rickshaw
- Post author:Markazul Maarif
- Post published:October 31, 2020
- Post category:Distribution / Livelihood / Relief & Rehabilitation